ৰাষ্ট্ৰীয়

শোকাৱহ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৬ জন সদস্য নিহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা তামিলনাডুত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। নিশা প্ৰায় ১ বাজি ৩০ মিনিটত তামিলনাডুৰ পাৰাম্বিকুলাম-আলিয়াৰ প্ৰকল্পৰ সমীপৰ পলাচিত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত নিহত হয় একেটা পৰিয়ালৰে ৬ জনকৈ সদস্য।

পাৰাম্বিকুলামৰ পৰা পলাচি অভিমুখী এই বাহনখন নিয়ন্ত্ৰণহীন হৈ পৰে এটা খাৱৈত। বুধবাৰে পুৱাই দুৰ্ঘটনাগ্ৰস্ত বাহনসহ ৬টা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। দুৰ্ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।