ৰাষ্ট্ৰীয়

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে লাড়ু বনোৱাত ব্যস্ত মিঠাই দোকানৰ কৰ্মচাৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২৩ মে'ত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। নিৰ্বাচনৰ ফলাফলক লৈ উৎকন্ঠিত দেশৰ শাসক-বিৰোধী ৰাজনৈতিক দলসমূহ। ফলাফলৰ ঘোষণা কৰাৰ পূৰ্বে পঞ্জাৱৰ একাংশ মিঠাই দোকানৰ কৰ্মী ভীষণ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

দৰাচলতে, পঞ্জাৱৰ লুধিয়ানাত মিঠাই দোকানৰ কৰ্মীসকল এতিয়া লাড়ু বনোৱাত ব্যস্ত। বৃহস্পতিবাৰে ঘোষণা হ'ব লগা লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে প্ৰস্তুত কৰিছে এনেদৰে লাড়ু। এখন মিঠাই দোকানৰ মালিকে এই সন্দৰ্ভত কয়- 'আমি ১০-১২ কুইণ্টল লাড়ুৰ বনোৱাৰ অৰ্ডাৰ পাইছে। বিজেপি, শিৰোমণি আকালি দল আৰু কংগ্ৰেছে এগজিট প'লৰ সমীক্ষাৰ পাছতেই দিছে এই লাড়ুৰ অৰ্ডাৰ।'