ৰাষ্ট্ৰীয়

আজি মধ্যপ্ৰদেশ আৰু চত্তিশগড়ত নতুন চৰকাৰৰ শপত গ্ৰহণঃ উপস্থিত থাকিব প্ৰধানমন্ত্ৰীসহ জ্যেষ্ঠ নেতা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে মধ্যপ্ৰদেশ আৰু চত্তিশগড়ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে। মধ্যপ্ৰদেশত ড০ মোহন যাদৱ আৰু চত্তিশগড়ত বিষ্ণু দেও চাইয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

মধ্য প্ৰদেশত পুৱা ১১.৩০ বজাত মতিলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব, আনহাতে ছত্তীশগড়ত দুপৰীয়া ২ বজাত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি সভাপতি অমিত শ্বাহ, বিজেপি সভাপতি জে পি নাড্ডা আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পাছত এইবাৰ মোহন যাদৱে মুখ্যমন্ত্ৰীৰ শাসনভাৰ গ্ৰহণ কৰিব।

বিজেপিয়ে মধ্যপ্ৰদেশত ২৩০ খন বিধানসভা আসনৰ ১৬৩ খন আসনত লাভ কৰিছিল। দলটোৱে এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাকৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। পাছত বহু বিতৰ্কৰ অন্তত বিজেপিৰ পৰ্যবেক্ষকে নিৰ্বাচন কৰে মুখ্যমন্ত্ৰী।

আনহাতে ছত্তিশগড়ৰ ৯০ জনীয়া বিধানসভাত বিজেপিয়ে ৫৪ খন আসন লাভ কৰিছিল। এই ৰাজ্যখনতো বিজেপিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰা নাছিল। পৰৱৰ্তী সময়ত ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ নাম।