ৰাষ্ট্ৰীয়

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা : এনচিবিয়ে দাখিল কৰিলে ১২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট…

asomiyapratidin

ডিজিটেল ডেস্ক : এনচিবিয়ে শুকুৰবাৰে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু ড্ৰাগ গোচৰৰ সম্পৰ্কত মুম্বাই চেচনছ আদালতত ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগ পত্ৰ দাখিল কৰে । অভিযোগ পত্ৰত ৩৩ জন লোকৰ নাম থকাৰ লগতে ২০০ জনৰ সংযুক্ত বুলি নামআছে বুলি এক সুত্ৰই জানিব দিয়ে ।

অভিযোগপত্ৰত কোৱা হৈছে যে পৰীক্ষাবোৰে নিশ্চিত কৰিছে যে জব্দ কৰা পদাৰ্থবোৰ নিচাযুক্ত পদাৰ্থ । এনচিবি সূত্ৰই এই কথা ব্যক্ত কৰে ।সংস্থাটোৱে লগতে কয় যে ডিজিটেল প্ৰমাণ, কল ৰেকৰ্ডৰ বিৱৰণ, হোৱাটছ এপৰ বাৰ্তালাপ , অৱস্থান টেগ, ভিডিঅ' আৰু ভইচ ৰেকৰ্ডিং, আৰু আন কেইবাটাও নথি পত্ৰৰ সৈতে জড়িত আপত্তিজনক প্ৰমাণও অভিযোগ পত্ৰৰ সৈতে দাখিল কৰা হৈছে।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে জড়িত ড্ৰাগছৰ অনুসন্ধান কৰি থকা এনচিবিয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) পৰা আনুষ্ঠানিক যোগাযোগ পোৱাৰ পিছত তদন্ত আৰম্ভ কৰিছিল । য'ত ড্ৰাগছৰ ব্যৱহাৰ, ক্ৰয়, ব্যৱহাৰ আৰু পৰিবহনৰ সৈতে সম্পৰ্কিত বিভিন্ন বাৰ্তালাপ আছিল।

২৮ জুলাইত বিহাৰত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৰাজপুতৰ দেউতাক কে কে সিঙে প্ৰথম তথ্য প্ৰতিবেদন দাখিল কৰাৰ পিছত ইডিয়ে ৩১ জুলাইত প্ৰয়াত অভিনেতাৰ মৃত্যু গোচৰত এটা গোচৰ তথ্য প্ৰতিবেদন পঞ্জীয়ন কৰিছিল। ৰাজপুতক ১৪ জুনত তেওঁৰ মুম্বাইৰ বাসগৃহত মৃত অৱস্থাত পোৱা গৈছিল।