ৰাষ্ট্ৰীয়

প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহত ফেঁটী সাপ

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ থাকৰে গোটৰ সভাপতি উদ্ধৱ থাকৰেৰ বাসগৃহৰ পৰা এডাল ফেঁটী সাপ উদ্ধাৰ কৰা হয়। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহ 'মাতোশ্ৰী'ত ফেঁটী সাপডাল উদ্ধাৰ হোৱা ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰামতে থাকৰেৰ বাসগৃহৰ পিচফালে থকা পানীৰ টেংকৰ পৰা ফেঁটী সাপডাল উদ্ধাৰ কৰা হয়। অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মচাৰীসকলে সাপডাল উদ্বাৰ কৰি বন বিভাগক হস্তান্তৰ কৰে।