ৰাষ্ট্ৰীয়

ছিকিমত ডাৱৰ বিস্ফোৰণঃ ২৩ গৰাকী সেনা জোৱান সন্ধানহীন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত অভাৱনীয় পৰিস্থিতি। অস্বাভাৱিক হাৰত বৃদ্ধি তিষ্টা নদীৰ জলস্তৰ। বানে বুৰাই পেলালে ১০নং ৰাষ্ট্ৰীয় ঘাইপথ।

প্ৰবল বানৰ বাবে দুখন জিলাত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। প্ৰবল বানে উটুৱাই নিয়ে সেনা বাহিনীৰ এটা কনভয়। বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২৩গৰাকী সেনা জোৱান। সন্ধানহীন সৈনিকসকলৰ বাবে ইতিমধ্যে আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।

ছিকিমত নিশা ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত বানৰ পৰিস্থিতি জটিল হৈ পৰে। উত্তৰ ছিকিমৰ ল'নক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছিল। যাৰ ফলত এই সেনা জোৱান কেইগৰাকী নিৰুদ্দেশ হয়। খবৰ অনুসৰি নিশা ১:৩০ বজাত এই ঘটনা সংঘটিত হৈছিল।

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙেও চিংটামত আকস্মিক বানপানীৰ পিছত পৰিস্থিতিৰ বুজ লৈছিল। সূত্ৰ অনুসৰি, চুংথাং বান্ধৰ পৰা হঠাতে পানী এৰি দিয়াৰ ফলত পানীৰ স্তৰ ১৫-২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছিল।