ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনা বাহিনীয়ে চলিত বৰ্ষৰ ১৮ জুলাইত জম্মু-কাশ্মীৰত সংঘটিত বিতৰ্কিত অভিযানক লৈ ভাৰতীয় সেনা বাহিনীৰ জোৱানক দোষী বুলি ঘোষণা কৰিছে। সেনাৰ তৰফৰ কোৱা হৈছে যে, অভিযুক্ত জোৱানসকলৰ ওপৰত আৰ্মী এক্ট অনুসৰি তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে, ১৮ জুলাইত সংঘটিত এই অভিযানত তিনিটাকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল। আনহাতে, স্থানীয় লোক আৰু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে, এই এনকাউণ্টাৰত মৃত্যু হোৱা তিনিওজন সম্পৰ্কীয় আছিল আৰু শ্বোপিয়ানত শ্ৰমিক ৰূপে কাম কৰি আছিল।