ৰাষ্ট্ৰীয়

চিমলা বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী : তুষাৰপাত আৰু বজ্ৰপাতৰ প্ৰৱল সম্ভাৱনা !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ জনসাধাৰণৰ প্ৰতি চিমলা বতৰ কেন্দ্ৰৰ সতৰ্কবাণী জাৰি। বতৰ বিজ্ঞান কেন্দ্ৰটিয়ে জনোৱা অনুসৰি অনাগত কেইটামান দিনত চহৰখনৰ বিভিন্ন স্থানত প্ৰৱল তুষাৰপাত আৰু বজ্ৰ পৰাৰ সম্ভাৱনা আছে।

সেয়ে ওপৰোক্ত প্ৰাকৃতিক দুৰ্যোগ সাম্ভাৱ্যপ্ৰৱণ এলেকাসমূহৰ ৰাইজৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে সতৰ্কবাণী জাৰি কৰে। বুধবাৰৰ পৰা শনিবাৰলৈকে হিমাচল প্ৰদেশৰ বিভিন্ন স্থানত বজ্ৰপাত হোৱাৰ সম্ভৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে।

আনহাতে বতৰ কেন্দ্ৰই উল্লেখ কৰে যে উক্ত দিনকেইটাৰ ভিতৰত বিভিন্ন সময়ত নিম্ন আৰু মধ্য পাহাৰৰ উপকণ্ঠ অঞ্চলসমূহত পাতলীয়া আৰু মজলীয়া বৰষুণৰ লগতে আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে।