Satyendra Jain: সৌভাগ্য ! হাস্পতালত ভৰ্তি হৈয়ে পালে জামিন...
Satyendra Jain: সৌভাগ্য ! হাস্পতালত ভৰ্তি হৈয়ে পালে জামিন... 
ৰাষ্ট্ৰীয়

Satyendra Jain: সৌভাগ্য ! হাস্পতালত ভৰ্তি হৈয়ে পালে জামিন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হাস্পতালত ভৰ্তি হোৱাৰ পাছতে ন্যায়ালয়ৰ পৰাও সকাহ পালে দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে (Satyendra Jain)। উচ্চতম ন্যায়ালয়ে (Supreme Court of India) কাৰাৰুদ্ধ আপ নেতাগৰাকীক আজি জামিন প্ৰদান কৰিছে।

শুকুৰবাৰে পুৱাই উচ্চতম ন্যায়ালয়ে সত্যেন্দ্ৰ জৈনক ৬ সপ্তাহৰ বাবে জামিন প্ৰদান কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা তিহাৰ কাৰাগাৰ (Tihar Jail) ৰ হাস্পতালৰ শৌচাগাৰত মূৰ ঘুৰাই পৰিছিল সত্যেন্দ্ৰ জৈন।

ইয়াৰ পাছতে তেওঁৰ ৰাজহাড়ত আঘাত পাইছিল। পৰৱৰ্তী সময়ত তেওঁ দীনদয়াল উপাধ্যায় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালত থকাৰ অৱস্থাতে উচ্চতম ন্যায়ালয়ে (Supreme Court of India) তেওঁক এই জামিন প্ৰদান কৰিছে।  

স্মৰ্তব্য, যোৱা বছৰৰ ৩০ মে’ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছৰ পৰাই তেওঁ তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ আছে। কিছুদিন পূৰ্বে সত্যেন্দ্ৰ জৈন (Satyendra Jain)ৰ শাৰীকৰিক অৱস্থাৰ অৱনতি ঘটিছিল।

চলিত সপ্তাহৰ সোমবাৰে তেওঁ জেলৰ শৌচাগাৰত পৰি আঘাত পাইছিল সত্যেন্দ্ৰ জৈনে। তাৰ পাছত তেওঁক সফদৰজং হাস্পতাললৈ লৈ যোৱা হৈছিল। বৃহস্পতিবাৰে নিশা তেওঁৰ লগত পুনৰ অনুৰূপ ঘটনা ঘটে।

জেলৰ শৌচাগাৰত মূৰ ঘুৰাই পৰি তেওঁ গুৰুতৰ আঘাত পায়। লগে লগে তেওঁক দীনদয়াল উপাধ্যায় হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু হাস্পতালত তেওঁৰ মেৰুদণ্ডত গুৰুতৰ আঘাত পোৱাৰ কথা নিশ্চিত কৰে।

আৰ্থিক লেনদেনৰ এক গোচৰত কাৰাৰুদ্ধ হৈ থকা সত্যেন্দ্ৰ জৈনে জেললৈ যোৱাৰ সময়তে তেওঁৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে জনাইছিল। তাৰ মাজতে জেলত হতাশাত ভূগি থকা সত্যেন্দ্ৰ জৈনক জেলৰ ভিতৰতে এজন সংগীৰ ব্যৱস্থা কৰি দিছিল।

এই ঘটনাৰ বাবে তিহাৰৰ ৭ নম্বৰ কাৰাগাৰৰ অধীক্ষকক শ্ব’কজ কৰা হৈছিল।ইয়াৰ মাজতে সত্যেন্দ্ৰ জৈনে অতি শেহতীয়াকৈ ১৫ মে'ত দিল্লী উচ্চ ন্যায়ালয়ত জামিন আৱেদন কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ে ধন ৰপ্তানিৰ গোচৰত তেওঁৰ জামিনৰ আৱেদন নাকচ কৰিছিল। ইয়াৰ পাছতে তেওঁ উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল। উচ্চ ন্যায়ালয়ে প্ৰথমে তেওঁৰ আৱেদন নাকচ কৰিছিল যদিও শুকুৰবাৰে তেওঁক ৬ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।