ৰাষ্ট্ৰীয়

কোন হ'ব ৰাজস্থানৰ মুখ্যমন্ত্ৰী! ছোনিয়া গান্ধীক সাক্ষাৎ কৰি শচীন পাইলটে ক'লে...

Asomiya Pratidin

ডিজিটেল ডেস্ক: ৰাজস্থানত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে বৃহস্পতিবাৰে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক সাক্ষাৎ কৰে। তাৰ পাছতে তেওঁ তেওঁৰ অনুভৱ আৰু মতামত গান্ধীক অৱগত কৰিছে বুলি কয়। লগতে দলৰ সভাপতি পদৰ বাবেও তেওঁ উপযুক্ত সিদ্ধান্ত ল'ব বুলি আশা কৰিছে পাইলটে।

সাংবাদিকৰ আগত তেওঁ কয়, "কংগ্ৰেছ সভাপতিয়ে আমাৰ কথা শুনিছিল আৰু উক্ত বৈঠকত ৰাজস্থানৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা হৈছিল। মই বিশ্বাস কৰোঁ যে আমাৰ যি অনুভৱ আছিল, প্ৰতিক্ৰিয়া আছিল, মই ছোনিয়া গান্ধীজীক কৈছো। আমি সকলোৱে বিচাৰো যে কঠোৰ পৰিশ্ৰম কৰি ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হওঁ। ইয়াৰ বাবে একেলগে কাম কৰিব লাগিব বুলি কয় পাইলটে।"

তেওঁ কয় যে ''মই নিশ্চিত যে আমি পুনৰ ৰাজস্থানত চৰকাৰ গঠন কৰিম। ৰাজস্থানত, পাঁচ বছৰৰ বাবে কংগ্ৰেছ আৰু পাঁচ বছৰৰ বাবে বিজেপি থাকে। কিন্তু এইবাৰ এই ৰেকৰ্ড ভাঙিব লাগিব।

ৰাজস্থানৰ ৰাজনীতি সন্দৰ্ভত তেওঁ কয় যে ছোনিয়া গান্ধীয়ে যি সিদ্ধান্ত লয় তাকেই গ্ৰহণ কৰিব। আগন্তুক এটা দুটা দিনৰ ভিতৰতে এয়া সিদ্ধান্ত গ্ৰহণ কৰা হব যে কোন হ'ব ৰাজস্থানৰ মুখ্যমন্ত্ৰী।