ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত কলকাতা অসম ভৱন...
ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত কলকাতা অসম ভৱন... 
ৰাষ্ট্ৰীয়

ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত কলকাতা অসম ভৱন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত কলকাতাৰ অসম ভৱন। যোৱা ১ ব'হাগ শনিবাৰে কলকাতাস্থিত অসম ভৱনত ডেৰশ বছৰীয়া ভাষা, সাহিত্য সংস্কৃতিৰ ইতিহাসেৰে গৌৰৱাম্বিত অসম ছচিঅ' লিটাৰেৰী ক্লাব ( এ এছ এল ক্লাব) - এ উদযাপন কৰে ৰঙালী বিহু।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱা ''শ্ৰীময়ী অসমীৰ'' গীতৰ সুৰে সুৰে অসমীয়াৰ বাপতিসাহোনৰ সম্প্ৰীতিৰ পতাকাখন উত্তোলন কৰে অসম ভৱনৰ যুটীয়া আবাসিক আয়ুক্ত তাপস দেৱে। ইয়াৰ পাছতে বিশিষ্ট চিত্ৰশিল্পী পাঞ্চালী দুৱাৰাই মঞ্চখন মুকলি কৰে।

অনুষ্ঠানৰ অন্যতম আকৰ্ষণ ১৯৯৪ চনৰ লতাশিলৰ বিহু সম্ৰাজ্ঞী তথা কৃতি অভিনেত্ৰী অসম জীয়ৰী জয়া শীল ঘোষৰ বিহু নৃত্যত মন্ত্ৰমুগ্ধ হৈ পৰে সমূহ বিহুবলীয়া দৰ্শকমণ্ডলী। নিমন্ত্ৰিত বিশিষ্ট অতিথি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিখ্যাত তবলা বাদক তথা সংগীত পৰিচালক অসমৰ জোঁৱাই বিক্ৰম ঘোষ আৰু জয়া শীল ঘোষক ক্লাবৰ স্মৃতি চিহ্ন আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ক্লাবৰ সভাপতি প্ৰকাশ চন্দ্ৰ আচাৰ্যই।

অসমৰ মঙ্গলদৈ জিলাৰ নিমন্ত্ৰীত ঢুলীয়া কন্দৰ্প শৰ্মা আৰু তেওঁৰ সংগীবৃন্দ ক্ৰমে পিংকুমণি ডেকা, পাৰ্থ প্ৰতীম বৰুৱা আৰু নৱজ্যোতি কলিতাৰ ঢোল, পেঁপা, গগনা আৰু ক্লাবৰ সদস্যসকলৰ নৃত্যৰ সুৰ সমলয়ত মুখৰিত হৈ পৰে অসম ভৱনৰ চৌপাশ।

ক্লাবৰ সদস্যা শিখা ভট্টাচাৰ্য আৰু শিশু শিল্পী স্পন্দিতা মালাকাৰে বিহুগীত পৰিৱেশন কৰে। এলি আহমেদ আৰু গায়েত্ৰী চাহুৰ তত্বাৱধানত এখন অসমীয়া সাজপাৰৰ আকৰ্ষণীয় প্ৰতিযোগিতাও আয়োজন কৰা হয়।

এই বিহু অনুষ্ঠানৰ মাজতেই শ্ৰীহান সম্বিত গগৈৰ দ্বাৰা ৰচিত দ্বিতীয়খন গ্ৰন্থ ''দ্যা লষ্ট ষ্ট্ৰীট'' ক্লাবৰ সভাপতি প্ৰকাশ চন্দ্ৰ আচাৰ্যৰ দ্বাৰা উন্মোচন কৰা হয়। গীতে মাতে ভৰপূৰ উক্ত অনুষ্ঠানৰ আঁতধৰে সদস্যা মালবিকা বৰুৱা ফুকন আৰু উপ-সভাপতি চন্দন ফুকনে।