ৰাষ্ট্ৰীয়

সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমস্যাই লগ নেৰা হৈছে উত্তৰপ্ৰদেশৰ ৰামপুৰৰ সাংসদ তথাসমাজবাদী পাৰ্টিৰ নেতা আজাম খানৰ। কিয়নো বৃহস্পতিবাৰে তেওঁৰ নাম সাঙোৰ খাইভূ-মাফিয়াৰ তালিকাত। তাৰপাছতেই সাংসদগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- মোৰবিৰুদ্ধে ৰুজু কৰা ২৩টা গোচৰ ভিত্তিহীন। আৰু এয়া প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে কৰাহৈছে।

ৰামপুৰৰ সাংসদগৰাকীয়ে লগতে কয়- 'মোৰসৈতে যি হৈ আছে সেয়া সমগ্ৰ দেশে দেখিছে। একাংশই মোৰ বাবে প্ৰাৰ্থনাও কৰিছে।' নিজৰজীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা উল্লেখ কৰি তেওঁ কয়- 'এই হিংসাই মোৰ প্ৰাণ যেন কাঢ়িলৈ নাযায়।'

লগতেসাংসদগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত কয় যে, যিখিনি ভূমি ১২-১৪বছৰ পূৰ্বেই পঞ্জীয়ন কৰা হৈছিল আৰু তাৰ বাবে ধনো দি দিয়া হৈছিল সেই ভূমিখিনিক লৈয়েবৰ্তমান সংঘৰ্ষৰ সৃষ্টি কৰা হৈছে।

বিজেপিকউদ্দেশ্যি ৰামপুৰৰ সাংসদ খানে কয়- একাংশই শিক্ষাৰ বাবে ভূমি দিয়ে, কিন্তু বিজেপিয়েএই ভূমি কাঢ়ি লোৱাৰ কাম কৰে। ইফালে, ৰামপুৰৰ আৰক্ষী অধীক্ষক অজয় পাল শৰ্মাই জনায়যে- বৰ্তমানলৈ সাংসদ আজাম খানৰ বিৰুদ্ধে ২৩টাকৈ গোচৰ ৰুজু কৰা হৈছে। তেওঁৰবিৰুদ্ধে ভূ-মাফিয়াৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। লগতে তেওঁ জনায় যে,এই ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ গঠন কৰা হৈছে এটা তদন্তকাৰী কমিটী।