ৰাষ্ট্ৰীয়

চুৰি কাণ্ড! তাৰপাছতে চৰ্চালৈ আহিল ৰজনীকান্তৰ জীয়ৰীৰ নাম

Asomiya Pratidin

ডিজিটেল ডেস্ক: দক্ষিণৰ চুপাৰ ষ্টাৰ ৰজনীকান্তৰ জনপ্রিয়তাৰ কথা সকলোৰে জ্ঞাত। শেহতীয়াকৈ চৰ্চা আহিছে তাৰকা গৰাকীৰ কন্যাৰ কথা। পিছে কোনো ছবিৰ বাবে নহয় চুৰিকাণ্ডৰ বাবেহে সংবাদ শিৰোনাম দখল কৰিছে দক্ষিণৰ তাৰকা ৰজনীকান্তৰ জীয়ৰীয়ে।

তাৰকা গৰাকীৰ কন্যা ঐশ্বৰ্যা ৰজনীকান্তৰ বহু মূল্যবান গহনা চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি তাৰকা জীয়ৰীয়ে হেৰুৱাইছে লাখ লাখ টকা মূল্যৰ ৬০ টা সোণৰ চেট।

ঘটনাৰ সন্দৰ্ভত তাৰকা জীয়ৰী ঐশ্বৰ্যা ৰজনীকান্তে ইতিমধ্যেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। এজাহাৰত ঐশ্বৰ্যাই ঘৰৰ কাম কৰা সদস্যৰ ওপৰত তেওঁৰ সন্দেহ প্ৰকাশ কৰে।

ঐশ্বৰ্যাই উল্লেখ কৰা অনুসৰি তেওঁৰ লকাৰৰ পৰা চুৰি হোৱা সোণ আৰু হীৰাৰ গহনা খিনিৰ মূল্য হ'ব প্ৰায় ৩.৬ লক্ষাধিক টকা। ঐশ্বৰ্যাই সংবাদ মাধ্যমৰ আগত অতি দুখেৰে প্ৰকাশ কৰে যে, বিগত ১৮ বছৰে এপদ এপদ কৈ এইয়া যুগুতাইছিল। গতিকে ১৮ বছৰৰ সম্পদ হেৰুৱাই যথেষ্ট ভাঙি পৰিছে ঐশ্বযা।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আই পি ছি ৩৮১ৰ অধীনত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।