ৰাষ্ট্ৰীয়

কুইন্টৰ স্বত্বাধিকাৰী ৰাঘৱ বহলৰ বাসগৃহত আয়কৰ বিভাগৰ আকস্মিক তালাচী

asomiyapratidin

ডিজিটেল ডেস্কঃ ডিজিটেল মিডিয়া কোম্পানী কুইন্টৰ স্বত্বাধিকাৰী ৰাঘৱ বহলৰ বাসগৃহ আৰু কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱা আয়কৰ বিভাগে অনুসন্ধান চলায়৷ আয়কৰ ফাঁকি দিয়াৰ অভিযোগতে আকস্মিকভাৱে আয়কৰ বিভাগৰ এটি দলে ৰাঘৱ বহলৰ নয়ডাস্থিত বাসগৃহত উপস্থিত হৈ আয়কৰ সম্বন্ধীয় নথি-পত্ৰ বিচাৰি তন্ন তন্নকৈ তালাচী চলায়৷

ইফালে আয়কৰ বিভাগৰ তালাচীৰ পিছত ৰাঘৱ বহলে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁ মুম্বাইত থকা সময়তে কোনো আগজাননী নিদিয়াকৈ আয়কৰ বিভাগে তেওঁৰ বাসগৃহ আৰু অফিচত প্ৰৱেশ কৰাটো যুক্তিসংগত নহয়৷ তেওঁ পুনৰ কয়, 'আমি সম্পূৰ্ণ ন্যায়িক ভাৱে কৰ আদায় দি আহিছো৷ তেনে ক্ষেত্ৰত কৰ ফাঁকিৰ অভিযোগ তুলি কোনো লোকে মোৰ ওপৰত মিছা অপবাদ জাপি দিব বিছাৰিছে৷'

আনফালে, আয়কৰ বিভাগৰ যদি কোনো কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যম সম্বন্ধিত কোনো নথি-পত্ৰক লৈ কোনো সংবাদকৰ্মীক হাৰাশাস্তি কৰে তেন্তে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলিও দাবী কৰে ৰাঘৱ বহলে৷ যদি প্ৰয়োজন হয় তেন্তে আয়কৰ বিভাগক সকলো কৰ বিষয়ক নথি-পত্ৰ মুকলিকৈ দেখুওৱা হ'ব বুলি কৈ এই সম্বন্ধত কোনো আকস্মিক তালাচী চলোৱাৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে বহলে৷