ৰাষ্ট্ৰীয়

আপোনালোকৰ কষ্ট অথলে নাযায়ঃ নিশাই ইছৰ’ৰ বিজ্ঞানীসকলক উদ্দ্যেশি ৰাহুল গান্ধীৰ টুইট…

asomiyapratidin

ডিজিটেল ডেস্কঃ লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ কেইটা মিনিটৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে ইছৰ'ৰ সকলো কৰ্মকতাক উদ্দ্যেশি কৰে এটা টুইট। এই টুইটত ৰাহুল গান্ধীয়ে ইছৰো সকলো বৈজ্ঞানিকক শুভেচ্ছা প্ৰদান কৰি কয়- টীম ইছৰোৰ সকলো কৰ্মকতালৈ মোৰ তৰফৰ পৰা অলেখ শুভকামনা।

আপোনালোকৰ কাম কৰা উদ্যম আৰু দেশৰ বাবে সৰ্মপিত এই মন সকলোৰে বাবে প্ৰেৰণাৰ উৎস। লগতে লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়- আপোনালোকৰ কষ্ট অথলে নাযায়। এই যাত্ৰাই ভাৰতীয় মহাকাশ যাত্ৰাৰ মিছনত এটা ভেটিঁ তৈয়াৰ কৰিলে।