ৰাষ্ট্ৰীয়

লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম ৰাজনীতি! আমেঠীত ৰাহুল গান্ধী আৰু স্মৃতি ইৰানী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে গৰম হৈ উঠিছে আমেঠী সমষ্টিৰ ৰাজনীতি। সোমবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সৈতে আমেঠীত উপস্থিত হ'ব আমেঠীৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধী। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়েও ৪ দিনীয়া কাৰ্যসূচীৰে সোমবাৰে আমেঠীত উপস্থিত হ'ব।

বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ বিকাশ যাত্ৰাত যোগদান কৰি তেওঁৰ নতুন বাসগৃহত উপস্থিত হ'ব। আনহাতে ৰাহুল গান্ধীয়ে আমেঠী আৰু গৌৰীগঞ্জ চহৰত পদযাত্ৰা কৰি বাবুগঞ্জত এখন ৰাজহুৱা সভা সম্বোধন কৰিব। দুগৰাকীকৈ বিশিষ্ট নেতাৰ আগমনত আমেঠীৰ ৰাজনীতি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, আমেঠীৰ পৰা ৰাহুল গান্ধী ৩ বাৰকৈ সাংসদ হোৱাৰ বিপৰীতে বৰ্তমান আমেঠীৰ সাংসদ স্মৃতি ইৰানী। বিগত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে পৰাজয় হোৱাৰ পাছতেই তেওঁৰ আমেঠী ভ্ৰমণ কিছু কমি গৈছিল।

যদিও একেটা দিনতে ৰাহুল গান্ধী আৰু স্মৃতি ইৰানী আমেঠীত উপস্থিত হ'ব তেওঁলোকৰ কাৰ্যক্ৰমৰ সময় বেলেগ বেলেগ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা দুপৰীয়া প্ৰায় ৩ বজাত আমেঠীত উপস্থিত হোৱাৰ বিপৰীতে স্মৃতি ইৰানী ৩ বজাৰ পূৰ্বেই আমেঠীত উপস্থিত হ'ব।

সাংসদ হোৱাৰ পাছত প্ৰায়েই আমেঠীলৈ আহে স্মৃতি ইৰানী। এইবাৰ তেওঁৰ কাৰ্যক্ৰম ৪ দিনীয়া। এইকেইটা দিনত তেওঁ বহু জনতাৰ লগত মত ব্যক্ত কৰিব আৰু ২২ ফেব্ৰুৱাৰীত নতুন গৃহত প্ৰৱেশ কৰিব। স্মৃতি ইৰানীয়ে আমেঠীৰ গৌৰিগঞ্জ অঞ্চলত গৃহ নিৰ্মাণ কৰিছে।