ৰাষ্ট্ৰীয়

মোদীক ভ্ৰষ্ট নেতা আখ্যাৰে মোদীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত দাবী ৰাহুল গান্ধীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাফেল চুক্তিক লৈ বৃহস্পতিবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দিল্লীত এখন সংবাদমেল আয়োজন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷

সংবাদ মেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভ্ৰষ্ট নেতা আখ্যা দি তেওঁ কেৱল অনিল আম্বানীৰ হৈ কাম কৰি থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ লগতে তেওঁ কয় যে যদি দুৰ্নীতিকাৰীৰ বিৰুদ্ধে তদন্ত কৰা হয় তেন্তে এই তদন্তৰ পৰা প্ৰধানমন্ত্ৰীৰ নামো বাদ পৰা অনুচিত৷

ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ সন্মুখত দাবী উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্নীতিৰ কথা আন্তঃৰাষ্ট্ৰীয় ফ্ৰান্স বায়ু সেনা সংস্থা ডজাল্ট এবিয়েছনেও স্বীকাৰ কৰিছে৷ আনফালে, কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে নৰেন্দ্ৰ মোদীয়ে অনিল আম্বানীক ৩০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলিও অভিযোগ কৰে৷

সংবাদ মেলত ৰাহুল গান্ধীয়ে সুৰক্ষা মন্ত্ৰী নিৰ্মলা চিদাম্বৰমৰ ফ্ৰান্স ভ্ৰমণক লৈও মন্তব্য কৰে৷ তেওঁ কয় যে নিৰ্মলা চিদাম্বৰমৰ ফ্ৰান্স ভ্ৰমণ কোনো দেশ বিষয়ক কাৰণত হোৱা নাই৷ তেওণ ব্যক্তিগত স্বাৰ্থতহে এই ভ্ৰমণ কৰিছে৷