ৰাষ্ট্ৰীয়

দেশবাসীক নতুন বছৰৰ শুভেচ্ছা ৰাষ্ট্ৰপতিৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নতুন বছৰৰ প্ৰাক মূহুৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে নতুন বছৰৰ। দেশবাসীক এখন সমৃদ্ধ সমাজ আৰু ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি ল'বলৈ আহ্বান জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে।

তেওঁ কয় যে, নতুন বছৰৰ আগমন হৈছে। এই বৰ্ষত নতুন সংকল্প আৰু লক্ষ্যৰ সৈতে আগবাঢ়ি যাওক। ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰপতিয়ে নতুন বছৰৰ প্ৰাকমুহূৰ্তত সকলো নাগৰিকলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে।

তেওঁ লিখিছে, ২০২৪ বৰ্ষই সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। আমি আমাৰ দেশৰ প্ৰগতিত অৰিহণা যোগোৱা অব্যাহত ৰাখিম। আহক আমি নতুন বছৰক স্বাগতম জনাও আৰু এখন সমৃদ্ধ সমাজ আৰু ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি লওঁ। নৱবৰ্ষৰ এই ক্ষণত মই ভাৰত আৰু বিদেশত বাস কৰা সকলো ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছো।