ৰাষ্ট্ৰীয়

মহিলাৰ সাফল্যৰ বাবে ভাৰতে গৌৰৱ অনুভৱ কৰে : নৰেন্দ্ৰ মোডী

asomiyapratidin

ডিজিটেল ডেস্ক : মঙলবাৰে আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰী শক্তিক প্ৰশংসা কৰাৰ লগতে মহিলাৰ সাফল্যৰ কাৰনে ভাৰতে গৌৰৱ অনুভৱ কৰে বুলি টুইটাৰ যোগে মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটত কয় – আন্তৰ্জাতিক মহিলা দিৱসত নাৰী শক্তিক অদম্য প্ৰশংসা কৰি! আমাৰ দেশৰ মহিলা সকলৰ বহুতো সাফল্যৰ বাবে ভাৰতে গৌৰৱ অনুভৱ কৰে। বিভিন্ন খণ্ডত মহিলা সবলীকৰণক অধিক আগুৱাই অনাৰ বাবে কাম কৰাৰ সুযোগ পোৱাটো আমাৰ চৰকাৰৰ সন্মান।