ৰাষ্ট্ৰীয়

দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে পুৱাই বিজয়া দশমীৰ শুভেচ্ছা জনালে সমগ্ৰ দেশবাসীক। টুইটাৰযোগে সমগ্ৰ দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে- সমাজত প্ৰচলিত কুশক্তিক নাশ হোৱাতো খুবেই প্ৰয়োজন। যাৰ বাবে আমি সকলো একগোট হব লাগিব। লগতে তেও কয় যে সমাজৰ প্ৰত্যেকজন লোকে ৰাৱণ বধৰ সময়ত ৰামক লগ দিছিল।

উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী মোডী উপস্থিত থাকিব দিল্লীৰ ৰামলীলা ময়দানত অনুস্থিত হোৱা বিজয়ী দশমীৰ এক অনুষ্ঠানত। সন্ধিয়া ৫.৩০ বজাত ৰামলীলা ময়দানত উপস্থিত হোৱাৰ পাছত দ্বাৰাকা দশহৰা সমাৰোহত ভাগ লব মোডীয়ে। প্ৰধানমন্ত্ৰীৰ লগতে দ্বাৰাকাত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দো।