ৰাষ্ট্ৰীয়

জন্মদিনত আদৱানিক দেশবাসীৰ বাবে প্ৰেৰণাৰ আকৰ বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠনেতা লালকৃষ্ণ আদৱানিৰ ৯৩ সংখ্যক জন্মদিনৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক অভিনন্দন জনাই। তেওঁক দলৰ কৰ্মকৰ্তাৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে প্ৰত্যক্ষ প্ৰেৰণাৰ আকৰ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

টুইটাৰ যোগে  জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক বিজেপি দলটোক জন সাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লগতে দেশৰ বিকাশত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰি জন্মদিনৰ শুভেচ্ছা জনায়। তেওঁ লগতে আদৱানিৰ দীৰ্ঘ আয়ুসৰ বাবেও প্ৰাৰ্থনা কৰে।