PFI acoount close
PFI acoount close 
ৰাষ্ট্ৰীয়

বন্ধ কৰা হ'ল পি.এফ.আইৰ সকলো ছ'চিয়েল মিডিয়া একাউন্ট...

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেশত নিষিদ্ধ হ'ল পি.এফ.আই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পি.এফ.আইক নিষিদ্ধ কৰাৰ পাছতেই ৰাজ্যই ৰাজ্যই থকা পি.এফ.আইৰ কাৰ্যালয়তো তলা ওলমালে প্ৰশাসনে। উল্লেখ্য যে গৃহমন্ত্ৰালয়ে পি.এফ.আইৰ বিৰুদ্ধে জাৰি কৰিলে ‘ডিজিটেল ষ্ট্রাইক’।

বন্ধ কৰা হ'ল পি.এফ.আইৰ ছ'চিয়েল মিডিয়া একাউন্ট। ফেচবুক, টুইটাৰ, ইউটিউব একাউন্ট বন্ধ কৰি দিয়া হ'ল। আনহাতে, পি.এফ.আইৰ সকলো শীৰ্ষ নেতাৰ একাউন্টো বন্ধ কৰা হয়।

গৃহ মন্ত্রালয়ৰ সিদ্ধান্তৰ পিছতে ছ’চিয়েল মিডিয়া কৰ্তৃপক্ষই ল’লে এই পদক্ষেপ। উল্লেখ্য যে পি.এফ.আইয়ে গণতন্ত্ৰ বিৰোধী কাৰ্যকলাপ কৰাৰ লগতে আনৈতিক কাৰ্যকলাপৰ বাবে দেশত ৫ বছৰৰ বাবে নিষিদ্ধ কৰা হয় পি.এফ.আইক।