ৰাষ্ট্ৰীয়

মোডী চৰকাৰে ‘জোৱাই’ৰ বাবে নহয়, দৰিদ্ৰ সকলৰ কল্যাণৰ বাবেহে ধন ব্যয় কৰেঃ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীক তীব্ৰ সমালোচনা কৰে। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ ছোনিয়া গান্ধীয়ে কৰা এক মন্তব্যৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, 'মোডী চৰকাৰে পেট্ৰ'ল-ডিজেলৰ ধন জোৱাইক নহয়, দুখীয়া-দৰিদ্ৰ লোকসকলৰ বেংক একাউণ্টত জমা কৰে। মোডী চৰকাৰে ৰাইজৰ পৰা লাভ কৰা কৰ জোৱাইক নহয়, দৰিদ্ৰ সকলৰ কল্যাণৰ বাবেহে ধন ব্যয় কৰে। কংগ্ৰেছে জোৱাই আৰু ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ একাউণ্টত ধন জমা কৰাৰ বিপৰীতে মোডী চৰকাৰে দুখীয়া দৰিদ্ৰসকলৰ একাউণ্টনতহে ধন জমা কৰে।'

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কোৰোনা সংকটৰ মাজতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কেন্দ্ৰ চৰকাৰে নিজৰ ভঁৰালহে ভৰাই আছে। অৱশ্যে ছোনিয়া গান্ধীৰ মন্তব্যৰ পাছত ছ'চিয়েল মিডিয়াত বহুজনে ক্ষোভ ব্যক্ত কৰে।