ৰাষ্ট্ৰীয়

এজনী ৫ বছৰীয়া কণমানিক হত্যা কৰি বলাৎকাৰ কৰিলে এজন যুৱকে…

asomiyapratidin

ডিজিটেল ডেস্কঃ এজনী পাঁচ বছৰীয়া কণমাণিৰ ভয়ংকৰ হত্যাকাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি কণমানি জনীক ডিঙি চেপি হত্যা কৰি, হত্যাৰ পিছত তাইক বলাৎকাৰ কৰিছে অপৰাধীয়ে।

উৰিষ্যাৰ নয়াগঢ়ত সংঘটিত হৈছে এই সিঁহৰণকাৰী হত্যাকাণ্ডটো। এচআইটিৰ মুখ্য অৰুণ বোথৰাই মঙলবাৰে কয় যে, এই অভিযোগৰ অভিযুক্তজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁ এখন সংবাদদাতা সন্মীলন সম্বোধন কৰি কয় যে, গোচৰীয়া জনৰ শিশু পৰ্ণগ্ৰাফীৰ ওপৰত চখ আছিল আৰু শিশুটোৱে সেয়া কৰিবলৈ অমান্তি হোৱাত তাইক ডিঙি চেপি হত্যা কৰি শিশুটিক বলাৎকাৰ কৰে অপৰাধী যুৱকজনে।

আনফালে অপৰাধীজনৰ মাক আৰু ভনীয়েক তথা শিশুটোৰ অভিভাৱকেও আৰক্ষীৰ ওচৰত গোচৰটো খাৰিজ কৰিবলৈ আবেদন জনাইছে।তেওঁৰ মাক তথা শিশুটোৰ অভিভাৱকে অপৰাধী যুৱক জনক এজন ভাল ব্যক্তি বুলি অভিহিত কৰিছে।