ৰাষ্ট্ৰীয়

মাস্ক নিপিন্ধিলে ভৰিব লাগিব ২০০০ টকাৰ জৰিমনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা মাস্ক নিপিন্ধিলে ভৰিব লাগিব ২০০০ টকাৰ জৰিমনা ।কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য কৰি অৰৱিন্দ কেজৰিৱাল চৰকাৰে বহু নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

এই পদক্ষেপ সমূহৰ ভিতৰত লোৱা এক সিদ্ধান্ত অনুসৰি মাস্ক নিপিন্ধা সকলৰ জৰিমনা বৃদ্ধি কৰিছে চৰকাৰখনে। বৰ্তমানলৈকে এই জৰিমনা ৫০০ টকা আছিল। মুখ্যমন্ত্ৰী অৱবিন্দ কেজৰিৱালে কয় যে তেওঁ উপৰাজ্যপালৰ সতে লগ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।