ৰাষ্ট্ৰীয়

আন্দামান আৰু নিকোবৰত জনজাতীয় সম্প্ৰদায়ৰ হাতত নিহত আমেৰিকান পৰ্যটক

asomiyapratidin

ডিজিটেল ডেস্কঃ আন্দামান আৰু নিকোবৰ দ্বীপৰ সমীপৰ নৰ্থ চেন্টিনেল আইলেণ্ডত এগৰাকী আমেৰিকান পৰ্যটকৰ মৃত্যুৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত পৰ্যটকজনৰ মৃতদেহটো উদ্ধাৰ কৰে৷ নিহত পৰ্যটকজনৰ নাম জন্স এলেন চাও বুলি জানিব পৰা গৈছে৷

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, যোৱা মঙলবাৰে পৰ্যটকজনক হত্যা কৰা হৈছিল৷ ইফালে, পৰ্যটকজনৰ হত্যাৰ সন্দেহত আৰক্ষী সাত জনক আটক কৰি সোধপোধ অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্তত আন্দামান আৰু নিকোবৰ দ্বীপত বাস কৰা জনজাতীয় লোকে পৰ্যটকজনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে তদন্ত চলাই পোৱা তথ্যৰ ভিত্তিত জানিবলৈ দিয়া মতে, অভিযুক্ত সাতজন লোকে প্ৰথমে পৰ্যটকজনক নৰ্থ চেন্টিনেল আইলেণ্ডলৈ লৈ যায় আৰু পিছত তেওঁক হত্যা কৰে৷ উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি আন্দামান আৰু নিকোবৰৰ নৰ্থ চেন্টিনেল আইলেণ্ডত প্ৰহৰী সম্প্ৰদায়ৰ ৪০ শতাংশ লোকে বাস কৰে৷ এই লোক সকলে বাহিৰা লোকৰ সৈতে সম্পৰ্ক স্থাপনৰ পৰা আতৰি থকাৰ উপৰিও তেওঁলোকৰ জনবসতিপূৰ্ণ এলেকাত বিদেশী বা অন্য ঠাইৰ লোক গ'লে তাৰ বিৰোধিতা কৰে৷

এনে এক কাৰণতে ২৭ বৰ্ষীয় আমেৰিকান পৰ্যটকজনকো হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ কিয়নো আৰক্ষীয়ে পৰ্যটকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত তেওঁৰ শৰীৰৰ আধা অংশ সমুদ্ৰ বালিত পুতি থোৱা অৱস্থাত আছিল আৰু তেওঁৰ দেহত শৰেৰে আক্ৰমণ কৰাৰ চিহ্ন পোৱা গৈছিল৷