কোনোমতে প্ৰাণ ৰক্ষা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ...
কোনোমতে প্ৰাণ ৰক্ষা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ...  
ৰাষ্ট্ৰীয়

কোনোমতে প্ৰাণ ৰক্ষা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰামাণিকৰ ওপৰত চলিল ভয়াবহ আক্ৰমণ। গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ কোচবিহাৰলৈ যাওঁতে তেওঁৰ কনভয়ৰ ওপৰত একাংশ লোকে শিল বৰ্ষণ কৰি এই আক্ৰমণ কৰে।

আক্ৰমণত তেওঁ উঠিযোৱা বাহনখন যথেষ্ট ক্ষতি হয়। পৰিস্থিতি চম্ভালিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছিল। উল্লেখ্য যে, কোচবিহাৰৰে সাংসদ প্ৰামাণিক। আক্ৰমণৰ পাছত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীগৰাকীয়ে কয়, খুদ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়েই যদি নিৰাপদ নহয়, তেন্তে কল্পনা কৰক গণতন্ত্ৰৰ নামত পশ্চিমবংগত এতিয়া কি চলি আছে।

আক্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী এটা স্থানীয় বিজেপি কাৰ্যালয়ৰ অভিমুখে গৈ আছিল। এগৰাকী জনজাতীয় লোকক বি এছ এফে হত্যা কৰাৰ অভিযোগ তুলি ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰাৰ পাছতো তেওঁ বিষয়টোত গুৰুত্ব নিদিয়াত এইদৰে তেওঁৰ কনভয়ৰ ওপৰত আক্ৰমণ চলিল বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰিছে।

এই আক্ৰমণকাৰীসকল তৃণমূল কংগ্ৰেছৰ সমৰ্থক আছিল বুলি অভিযোগ তুলিছে বিজেপিয়ে। ইফালে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে কোচ বিহাৰতে এক সমাৱেশত অংশলৈ প্ৰমাণিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

জনজাতীয় লোকক হত্যাৰ বিৰুদ্ধে প্ৰমাণিকক জগৰীয়া কৰি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যলৈ যায় তাতেই ক'লা পতাকা দেখুৱাব বুলি তৃণমূলৰ নেতাগৰাকীয়ে উল্লেখ কৰিছে।