ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত মিত্ৰ দলৰ সৈতে সমস্যা সমাধান বিজেপিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেইবাদিনো ধৰি চলা আলোচনাৰ পাছত বিজেপি, একনাথ চিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এনচিপিক লৈ গঠিত মহা মিত্ৰজোঁটে আসন ভাগ-বতৰাৰ ক্ষেত্ৰত এক সিদ্ধান্তত উপনীত হৈছে। সিদ্ধান্ত অনুসৰি মিত্ৰজোঁট ৪ খন আসনত আসনত প্ৰতিদ্বন্দ্বিতা কৰিব যত অজিত পাৱাৰে নিজৰ প্ৰাৰ্থী দিব।

অজিত পাৱাৰে বাৰামতী, ৰায়গড়, শিৰুৰ আৰু পাৰভানিৰ পৰা প্ৰাৰ্থী প্ৰদান কৰিব। আনহাতে বিজেপিয়ে ৩১ খন আসন শিৱসেনাই ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব পৰা গৈছে। মহাৰাষ্ট্ৰত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৪৮।

উল্লেখ্য যে, বাৰামতী অজিত পাৱাৰৰ দুৰ্গ। কেইবা দশক ধৰি পাৱাৰ পৰিয়ালে এই আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰি আহিছে আৰু নিৰ্বাচনত জয়ী হৈছে। অৱশ্যে অজিত পাৱাৰ আৰু তেওঁৰ সমৰ্থকসকলে পৃথক হোৱাৰ পাছত এইটো প্ৰথম নিৰ্বাচন। গতিকে এইবাৰ ৰাইজে কাক নিৰ্বাচিত কৰে সেয়া হ'ব লক্ষণীয়।

উল্লেখ্য যে, অজিত পাৱাৰে শাৰদ পাৱাৰৰ পৰা পৃথক হৈছিল। তাৰ পাছতে অজিত পাৱাৰৰ গোটটোক প্ৰকৃত এনচিপি বুলি কৈছিল মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰে । এইবাৰ এনচিপি আৰু শাৰদ পাৱাৰৰ সমৰ্থিক দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱণা আছে।