ৰাষ্ট্ৰীয়

অসুস্থ মোলায়েম সিং যাদৱ, ভৰ্তি কৰোৱা হয় আই চি ইউত

Asomiya Pratidin

ডিজিটেল ডেস্ক : হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিল উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ পিতামহস্বৰূপ মোলায়েম সিং যাদৱৰ । তাৰ পাছতেই বৰ্ষীয়ান নেতা গৰাকীক ভৰ্তি কৰাব লগীয়া হয় গুৰুগ্ৰামৰ মেডান্টা চিকিৎসালয়ৰ আই চি ইউত ।

নেতা গৰাকীৰ স্বাস্থ্য সম্পৰ্কে অৱগত হোৱাৰ পাছতেই সৰু-বৰ সকলো ৰাজনৈতিক নেতাই উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হয় । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষ্য অনুসৰি, তেখেতে ইতিমধ্যেই সমাজবাদী পাৰ্টীৰ বৰ্তমানৰ সভাপতি তথা মোলায়েম সিং যাদৱৰ পুত্ৰ অখিলেশ যাদৱৰ সৈতে নেতা গৰাকীৰ স্বাস্থ্য সম্পৰ্কে বাৰ্তালাপ কৰিছে আৰু সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে ।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটি টুইট যোগে নেতা গৰাকীৰ আশু আৰোগ্য কামনা কৰে ।

উল্লেখ্য যে, নেতা গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই দিয়া মন্তব্য অনুসৰি ৮২ বছৰীয়া বৰ্ষীয়ান নেতা গৰাকীৰ চিকিৎসা বিগত আগষ্ট মাহৰ পৰাই চলি আছিল । আৰু চলিত বৰ্ষৰ জুলাই মাহত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল নেতা গৰাকীক । তাৰ পাছত ৰবিবাৰে নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত আই চি ইউ লৈ স্থানান্তৰিত কৰিব লগীয়া হয় নেতা গৰাকীক ।