ৰাষ্ট্ৰীয়

এইবাৰ ষ্টিভ বলমাৰ্মক চেৰ পেলালে আম্বানীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশৰ ধনী ব্যক্তিৰ তালিকাতেই নহয়, বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়া সম্পদৰ গৰাকী লৈ পৰিণত হ’ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী। লক্ষণীয়ভাৱে,  কোটিপতিজনে ফৰ্বছ বিলিয়নেয়াৰ ২০২৩ৰ তালিকাত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপেও নিজৰ স্থান পুনৰ দখল কৰিছে। মুম্বাই ইণ্ডিয়ানছ ক্ৰিকেট দলৰ গৰাকী আম্বানীয়ে ষ্টিভ বলমাৰ্মক পিছ পেলাই ফৰ্বছ বিলিয়নেয়াৰ ২০২৩ৰ তালিকাত বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়া সম্পদৰ গৰাকী হিচাপে পৰিগণিত হৈছে।

৪ এপ্ৰিলত প্ৰকাশিত এক তালিকা মৰ্মে ভাৰতৰ আম্বানীৰ নেতৃত্বত থকা ২০ জন ধনী ক্ৰীড়া মালিকৰ সামূহিক মূল্য ৫০৯ বিলিয়ন ডলাৰ। বিগত বৰ্ষত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) দলক ফৰ্বছে ভাৰতৰ আটাইতকৈ মূল্যৱান ক্ৰিকেট ফ্ৰেঞ্চাইজি হিচাপে মনোনীত কৰিছিল,  যাৰ মূল্য আছিল ১.৩ বিলিয়ন।

প্ৰকাশ পোৱা তথ্য অনুসৰি শীৰ্ষত থকা ৫ ধনী বিলিয়নাৰ হ’ল

১. মুকেশ আম্বানী

আৰআইএলৰ অধ্যক্ষ আম্বানী, আই পি এল দল মুম্বাই ইণ্ডিয়ানছৰ গৰাকী আৰু ইয়াৰ মুঠ মূল্য ৮৩.৪ বিলিয়ন ডলাৰ।

২. ষ্টিভ বলমাৰ

মাইক্ৰছফ্ট বলমাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া, লছ এঞ্জেলছ ক্লিপাৰছৰ গৰাকী আৰু ইয়াৰ মুঠ মূল্য ৮০.৭ বিলিয়ন ডলাৰ।

৩. ৰব ৱাল্টনৱালমাৰ্টৰ উত্তৰাধিকাৰী

ডেনভাৰ ব্ৰোঙ্কোছৰ গৰাকী আৰু ইয়াৰ মুঠ সম্পত্তি ৰ মূল্য ৫৭.৬ বিলিয়ন ডলাৰ।

৪. ফ্ৰান্সৰ পিনাল্ট আৰু পৰিয়াল

বিলাসী প্ৰতিষ্ঠান কেৰিঙৰ প্ৰতিষ্ঠাপক। যিয়ে ফ্ৰেঞ্চ লিগ ১ ছকাৰ ক্লাব ষ্টেড ৰেনাইছ এফ চি ক্ৰয় কৰিছিল। তেওঁ আৰু তেওঁৰ পৰিয়ালৰ মুঠ মূল্য হৈছে ৪০.১ বিলিয়ন ডলাৰ।

৫. মাৰ্ক মেটচিটজ

ৰেড বুলৰ প্ৰতিষ্ঠাপক ডায়েট্ৰিচ মেটচিটজৰ পুত্ৰ নিউয়ৰ্ক ৰেড বুলছ, ৰেড বুল ৰেচিং, আৰবি লিপজিগৰ গৰাকী । যাৰ মুঠ সম্পত্তি ৩৪.৭ বিলিয়ন ডলাৰ।