ৰাষ্ট্ৰীয়

তুৰ্কীৰ পৰা আমদানি কৰা হ’ব ১১ হাজাৰ টন পিঁয়াজ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ লগতে পিঁয়াজৰ মূল্যবৃদ্ধিৰ সমস্যাৰ সন্মুখীন হৈছে দেশবাসী। চৰকাৰী কোম্পানী এন টি এম চিয়ে পিঁয়াজৰ মূল্য হ্ৰাসৰ প্ৰয়াসেৰে তুৰ্কীৰ পৰা ১১ হাজাৰ টন পিঁয়াজ আমদানি কৰাৰ নতুন ঠিকা প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই কোম্পানীটোৰ দ্বাৰাদ্বিতীয়বাৰলৈ পিঁয়াজৰ আমদানিৰ ঠিকা দিয়া হৈছে। কোম্পানীটোৱে ইয়াৰ পূৰ্বে ইজিপ্তৰপৰা ৬,০৯০টন পিঁয়াজ আনদানিৰ অৰ্ডাৰ দিছিল।

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত পিঁয়াজৰ মূল্য ৭৫ৰ পৰা ১২০ টকালৈপ্ৰতি কিলোগ্ৰামত বৃদ্ধি পাইছে। যাৰ ফলত দেশবাসীয়ে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।আৰু তুৰ্কীৰ পৰা আমদানি কৰা এই পিঁয়াজখিনি ২০২০ৰ জানুৱাৰীত ভাৰতত আহি পাবহি।