ৰাষ্ট্ৰীয়

মধ্যপ্ৰদেশৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৰোছনীয়ে লাভ কৰিলে ৯৮ % নম্বৰ, ২৪ কিলোমিটাৰ বাট চাইকেল চলাই গৈছিল স্কুললৈ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ এখন ভিতৰুৱা গাঁৱত বাস কৰা এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত লাভ কৰে ৯৮.৭৫ শতাংশ নম্বৰ। ৪ জুলাই, ২০২০ত ঘোষণা কৰা হয় ৰাজ্যখনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। উল্লেখ্য যে, ৰোছনী ভদোৰিয়াই প্ৰায় ২৪ কিলোমিটাৰ বাট চাইকেল চলাই বিদ্যালয়লৈ আহ-যাহ কৰিছিল।

ৰাজ্যখনৰ চম্বলৰ ভিণ্ড এলেকাৰ এখন গাঁৱত বাস কৰা এই মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ কৃষক। আনন্দ-উৎসাহৰ মাজতে ৰোছনীয়েৰ পিতৃয়ে সাংবাদিকৰ আগত কয় যে, 'ৰোছনীয়ে ফলাফলক লৈ মই বহু সুখী। তাইক মহাবিদ্যালয়লৈ যোৱাৰ বাবে এখন বাহন মই আনি দিম।'

সদ্যঘোষিত মধ্যপ্ৰদেশ মাধ্যমিক শিক্ষা ব'ৰ্ডৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰোছনী। আৰু এই সফলতাৰ পাছত সমগ্ৰ এলেকাটোতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। ৰোছনীয়ে ভৱিষ্যতলৈ এগৰাকী আই এ এছ বিষয়া হোৱাৰ সপোন দেখিছে।