ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰলৈ মোডীঃ কটকটীয়া নিৰাপত্তা ব্যৱস্থা,পৰীক্ষা স্থগিত, বন্ধ কৰি দিয়া হৈছে বিদ্যালয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত আজি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী কাশ্মীৰত উপস্থিত হ'ব। তেওঁ শ্ৰীনগৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰিব। তাৰ পাছতে তেওঁ এক বিশাল জনসভা সম্বোধন কৰিব।

জানিব পৰা মতে মোডীয়ে শ্ৰীনগৰৰ বখশী ষ্টেডিয়ামত বিকশিত ভাৰত, বিকশিত জম্মু-কাশ্মীৰ অনুষ্ঠানত অংশ লব আৰু কেন্দ্ৰ শাসিত অঞ্চলটোক কৃষি অৰ্থ ব্যৱস্থাৰ উন্নয়নৰ বাবে প্ৰায় ৫০০০ কোটি প্ৰকল্পৰ উদ্বোধন কৰিব।

মোডীৰ ভ্ৰমণৰ ওপৰত লক্ষ্য ৰাখি অঞ্চলটোত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। পথসমূহত নিৰাপত্তা বাহিনী শক্তিশালীভাৱে মোতায়েন কৰা হৈছে, আনহাতে ভিভিআইপি ভ্ৰমণৰ সময়ত মানুহৰ চলাচল বন্ধ কৰিবলৈ কেইবাঠাইতো বেৰিকেড স্থাপন কৰা হৈছে। নিৰীক্ষণৰ বাবে ড্ৰোন আৰু চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে। কেৱল ইমানেই নহয় ঝিলাম নদী আৰু ডাল হ্ৰদৰ দৰে জলাশয় আদিত সামুদ্ৰিক কমাণ্ডো মোতায়েন কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোডী যি পথেৰে যাব সেই পথৰ বিদ্যালয়সমূহ আজি বন্ধ ৰখা হৈছে। বৃহস্পতিবাৰে হবলগীয়া ব'ৰ্ড পৰীক্ষাসমূহ অহা মাহলৈ পিছুৱাই দিয়া হৈছে।

লোকসভা নিৰ্বাচন পূৰ্বে আৰু বিৰোধী দলসমূহে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন ঘোষণা কৰাৰ দাবী জনোৱাৰ মাজতে মোডীয়ে এই বিষয়ে কি কয় সেয়া লক্ষণীয় হ'ব।

উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়াৰ বাবে সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰিছিল। লগতে ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল - জম্মু আৰু কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰিছিল।