modi with Australian Prime Minister
modi with Australian Prime Minister  
ৰাষ্ট্ৰীয়

আহমেদাবাদত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে ক্ৰিকেট খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজনৈতিক কূটনীতিৰ বিষয়ে সমগ্ৰ বিশ্বই জ্ঞাত। ।যাৰ বাবে বিশ্বৰ এগৰাকী জনপ্ৰিয় নেতাৰ শাৰীত আছে মোডী। কিছুদিন পূৰ্বে ইটালীৰ প্ৰধানমন্ত্ৰীয়ে মোডীৰ যথেষ্ঠ প্ৰশংসা কৰিছিল।

ইয়াৰ মাজতে এইবাৰ ভাৰত ভ্ৰমণৰ বাবে আহিব অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এল্বানিছ। জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে ক্ৰিকেট খেল উপভোগ কৰিব।

৯ মাৰ্চত আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেছ উপভোগ কৰিব দুয়ো গৰাকী নেতাই। গাভাস্কাৰ বৰ্ডাৰ ট্ৰফী শৃংখলাৰ চতুৰ্থ আৰু অন্তিম খন খেলত পুৱা ৮:৩০ বজাত দুয়োজন নেতাৰ উপস্থিতিত থাকিব।