ৰাষ্ট্ৰীয়

দুৰ্ঘটনাগ্ৰস্ত মিগ-২৯, সাগৰলৈ জপিয়াই প্ৰাণ ৰক্ষা পাইলটৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দুৰ্ঘটনাগ্ৰস্ত হ'ল ভাৰতীয় নৌ সেনাৰ মিগ-২৯ কে যুজাৰু বিমান । গোৱাৰ নিকটৱৰ্তী সমুদ্ৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমান খনৰ পৰা অন্তিম মুহুৰ্তত পাইলট গৰাকীয়ে জপিয়াই ৰক্ষা কৰে নিজৰ প্ৰাণ । ইয়াৰ পাছতেই নৌ সেনাই সমুদ্ৰত অভিযান চলাই উদ্ধাৰ কৰে পাইলট গৰাকীক ।

উল্লেখ্য যে, কাৰিকৰী বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও নৌ সেনাৰ বিষয়াসকলে এক তদন্তৰ কথা ঘোষণা কৰিছে । পাইলট গৰাকীয়ে এক নিয়মীয়া উৰণৰ পাছত নিজৰ বন্দৰলৈ উভতি গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন ।