ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰৰ মেলঘাটত বিশুদ্ধ খোৱাপানীৰ অভাৱ, চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মেলঘাটৰ বিহালী আৰু ভাণ্ড্ৰী গাঁওবাসীয়ে বিশুদ্ধ খোৱা পানীৰ অভাৱত জ্বলা-কলা খাইছে। বোকাৰ পানী সেৱন কৰিব লগা হৈছে দুয়োখন গাঁৱৰে ৰাইজে। চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ গাঁওবাসীৰ।

ইফালে, খোৱাপানীৰ অভাৱত বহু দূৰৰপৰা পানী যোগান কৰিবলগা হৈছে ৰাইজে। এজন ব্যক্তিয়ে এই সন্দৰ্ভত কয়- 'আমি খাদ্য অবিহনে জীয়াব পাৰিম কিন্তু খোৱাপানী অবিহনে আমি কেনেকৈ জীয়াই থাকিম। আমি ৩-৪ ঘণ্টা খোজকাঢ়ি যাব লাগে পানীৰ বাবে। চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।'