ৰাষ্ট্ৰীয়

দেশৰ বজাৰত লাগিছে জুই! প্ৰতি কেজি পিয়াজৰ দাম হৈছেগৈ ৭০-৮০ টকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে বিলাহী, পিয়াজৰ মূল্য। দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৃষ্টিপাত আৰু বানৰ ফলত হ্ৰাস পাইছে পাচলিসমূহৰ মূল্য। হায়দৰাবাদত ছোৱাৰ মাৰ্কেটতো এতিয়া লাগিছে পাচলিৰ দোকানত জুই।

বজাৰখনৰ এগৰাকী ব্যৱসায়ীয়ে কয়- 'প্ৰায় ১৫দিনমান আগতে ৮-১০ টকাত প্ৰতি কিলোগ্ৰাম বিলাহী বিক্ৰী কৰিছিলো আমি। কিন্তু এতিয়া বিলাহীৰ প্ৰতি কেজিত হৈছেগৈ ৬০-৮০ টকা। লগতে পিয়াজৰো একেদেৰ ৬০-৮০ কেজি হৈছেগৈ প্ৰতিকেজিৰ দাম।'

উল্লেখ্য যে, ৰাজধানী চহৰ দিল্লীতো বৃদ্ধি পাইছে পাচলিৰ মূল্য। চৰকাৰৰ তৰফৰ পৰা অৱশ্যে ২৩-২৪ টকা দৰত প্ৰতি কেজি পিয়াজ নাগৰিকক যোগান ধৰা হৈছে। আৰু এজন লোকে সৰ্বাধিক ৫ কেজিকৈ পিয়াজ ক্ৰয় কৰিব পাৰে।'