ৰাষ্ট্ৰীয়

চৰ্ত সাপেক্ষেহে জোৱানজনক মুক্তি দিয়া হ’বঃ মাওবাদী

asomiyapratidin

ডিজিটেল ডেস্কঃ ছট্টিশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ আক্ৰমণত ২২ জন জোৱান নিহত হোৱা ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। মাওবাদীয়ে এক বিবৃতিৰ জৰিয়তে আন এক কথাও সদৰি কৰিছে। মাওবাদীয়ে কৈছে যে, নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ সংঘৰ্ষত সময়তে তেওঁলোকে নিৰাপত্তাৰক্ষী এজনক অপহৰণ কৰিছে।

বিবৃতিৰ যোগেদি জোৱানজনৰ মুক্তিৰ বাবে তেওঁলোকে কেইজনমান মধ্যস্থতাকাৰী বিচাৰিছে। বৰ্তমানেও জোৱানজনক তেওঁলোকে নিৰাপদভাৱে ৰাখিছে আৰু যেতিয়াই তেওঁলোকক মধ্যস্থতাকাৰী দিয়া হ'ব তেতিয়াই জোৱানজনক আৰক্ষীৰ হাতত গতাই দিব। মাওবাদীয়ে অপহৃত ৰাকেশ্বৰ সিং নামৰ জোৱানজনৰ ফটোখনো প্ৰেৰণ কৰিছে।