ৰাষ্ট্ৰীয়

ডিপ্লমা অভিযন্তাৰ সৰ্বভাৰতীয় ফেডাৰেছনৰ সম্পাদক মনমোহন ৰাজবংশী

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমৰ জনস্বাস্থ্য বিভাগৰ অভিযন্তা মনমোহন ৰাজবংশী ডিপ্লমা অভিযন্তাৰ সৰ্বভাৰতীয় সংগঠন অল ইণ্ডিয়া ফেডাৰেছন অৱ ডিপ্লমা ইঞ্জিনিয়াৰছৰ সাধাৰণ সম্পাদক ৰূপে পুনৰ নিৰ্বাচিত হৈছে। নতুন দিল্লীত কালিৰে পৰা অনুষ্ঠিত হোৱা সংগঠনটোৰ সোণালী জয়ন্তী আৰু ২৪তম্ দ্বি-বাৰ্ষিক অভিৱৰ্তনত দ্বিতীয়টো দুবছৰীয়া কাৰ্যকালৰ বাবে ৰাজবংশীক নিৰ্বাচন কৰা হয়।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় ৫ লাখ ডিপ্লমা অভিযন্তাৰ উমৈহতীয়া সংগঠনটোৰ দুদিনীয়া এই অভিৱৰ্তনত দেশৰ ৩৪খন শাখা সমিতিয়ে অংশগ্ৰহণ কৰিছিল।

আজি পৰৱৰ্তী কাৰ্যকালৰ বাবে বিষয়-ববীয়াৰ নিৰ্বাচনত সুধীৰ পানৱাৰক সভাপতি আৰু মনমোহন ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে পৰৱৰ্তী দুবছৰৰ বাবে নিৰ্বাচন কৰা হয়।