পুনৰ ১৪ দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ মনিষ চিছোদিয়াক...
পুনৰ ১৪ দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ মনিষ চিছোদিয়াক...  
ৰাষ্ট্ৰীয়

পুনৰ ১৪ দিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ মনিষ চিছোদিয়াক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়াক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি বিয়লি ৰৌজ এভিনিউ আদালতত হাজিৰ কৰা পিছত আদালতে তেওঁক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

অহা ২০ মাৰ্চলৈ তেওঁ চি বি আইৰ জিম্মাতে থাকিব। সুৰা কেলেংকাৰীত অভিযুক্ত মনিষ চিছোদিয়াক যোৱা ২৬ ফেব্ৰুৱাৰীত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে তেওঁ এটা সপ্তাহৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। এই সময়ছোৱাত তেওঁ চি বি আইক সহযোগ নকৰাৰো অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ বিপৰীতে মিনিষ চিছোদিয়াই চি বি আইয়ে তেওঁক একেবোৰ প্ৰশ্নকেই বাৰে বাৰে কৰি আছে বুলি মন্তব্য কৰিছে। চি বি আইৰ জিম্মাত থকাৰ সময়ত চিছোদিয়াক তেওঁ চশমা, এখন টোকাবহী, কলম, গীতা আৰু তেওঁৰ ঔষধ লগত ৰখাৰ অনুমতি প্ৰদান কৰিছে।

উল্লেখ্য যে চি বি আইয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে মনিষ চিছোদিয়াই এখন পত্ৰৰ জৰিয়তে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী পদৰ লগতে তেওঁৰ হাতত থকা অন্যান্য মন্ত্ৰীত্বৰ পদৰ পৰা পদত্যাগ কৰিছে। মনিষ চিছোদিয়াৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিৰোধী দলসমূহে আক্ৰোশমূলক ভাৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বিৰোধীয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক বিৰোধী নেতাৰ বিৰুদ্ধে অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত বিৰোধী নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও এক পত্ৰ প্ৰেৰণ কৰিছে। য'ত বিৰোধীক লক্ষ্য কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছিল।