প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো 
ৰাষ্ট্ৰীয়

ষাঁড়ৰ পিঠিত উঠি শাস্তিৰ সন্মুখীন উত্তৰ প্ৰদেশৰ যুৱক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে এজন যুৱকে ষাঁড় গৰু এটাৰ পিঠিত উঠি যোৱা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল। এই ঘটনাটো সংঘটিত হৈছিল যোৱা ৫ মে'ৰ মাজনিশা উত্তৰ প্ৰদেশত।

জানিব পৰা অনুসৰি সুৰামত্ত অৱস্থাত থকা যুৱকজনে ৰাস্তাৰ মাজেৰে ষাঁড়টোৰ পিঠিত উঠি দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শনৰ চেষ্টা কৰিছিল। যুৱকজনৰ এনে কাণ্ডৰ বাবে তেওঁ আইনী মেৰপেচত সোমাই পৰে।

কিয়নো কোনো জীৱ-জন্তুকলৈ খেলা কৰা বা দুৰ্ব্যৱহাৰ কৰা ঘটনা আইন বিৰুদ্ধ আৰু তাৰেই অপৰাধত উক্ত যুৱকজনক উত্তৰ প্ৰদেশ আৰক্ষীয়ে শাস্তি বিহে। অৱশ্যে আৰক্ষীয়ে তেওঁক অনাগত দিনসমূহত কোনো জীৱ-জন্তুকলৈ খেলা কৰা বা দুৰ্ব্যৱহাৰ আদি আইন বিৰোধী কাৰ্য-কালাপৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে।