ৰাষ্ট্ৰীয়

লিভ-ইন সম্পৰ্ক! বিয়া পাতিব বিচৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে প্ৰেয়সীক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্ৰদ্ধা হত্য়াকাণ্ডই কপাই গৈছিল দেশ। তাৰ পাছত আৰু কেইবাটাও সেই অনুৰূপ ঘটনা সংঘটিত হৈছিল দেশত। ইয়াৰ মাজতে পুনৰ দিল্লীৰ পৰা এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে।

আৰক্ষীয়ে শনিবাৰে জনোৱা অনুসৰি দিল্লীৰ তেলিৱাৰা অঞ্চলত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এজন ২৬ বছৰীয়া যুৱকে তেওঁৰ ভাতৃ আৰু ভগ্নীৰ সহযোগত লিভ-ইনত থকা প্ৰেয়সীক হত্যা কৰে।অভিযুক্ত যুৱকজন উত্তৰ প্ৰদেশৰ বাগপতৰ বাসিন্দা বিনীত পানৱাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

১২ এপ্ৰিলত আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে কাৰাৱাল নগৰৰ কৃষ্ণা পাব্লিক স্কুলৰ ওচৰত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ পৰি আছিল। পৰৱৰ্তী সময়ত মৃতদেহটো উত্তৰাখণ্ডৰ মিৰাজপুৰৰ বাসিন্দা ২৫ বছৰীয়া ৰোহিনা নাজ ওৰফে মাহীৰ বুলি চিনাক্ত কৰিছিল আৰক্ষীয়ে।

এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বিনীত পানৱাৰ, তেওঁৰ ভাতৃ মোহিত আৰু ভগ্নী পাৰুল। আৰক্ষীৰ মতে বিনীত, পাৰুল আৰু তেওঁৰ বন্ধু ইৰফানৰ সৈতে মৃতদেহটো পেলাই দিছিল।আৰক্ষীয়ে ইতিমধ্যে এই লোকসকলক গ্ৰেপ্তাক কৰিছে।

বিনীতে আৰক্ষীক জনাইছে যে ২০১৭ চনত তেওঁ ৰোহিনাৰ লগত চিনাকী হৈছিল তেওঁ।পৰৱৰ্তী সময়ত তেওঁলোক একেলগে বাস কৰিব আৰম্ভ কৰিছিল। কিন্তু উক্ত বছৰতে বিনীতিক বাগপতত এটা হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ প্ৰেয়সীয়ে প্ৰেমিকৰ ভগ্নী পাৰুলৰ লগত বাস কৰিব লৈছিল।

বিনীতক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল আদালতে। ২০২২ চনত পাৰোল লাভ কৰা বিনীতে কোনো চাকৰিত যোগ দিছিল। প্ৰেয়সীয়ে বিনীত পানৱাৰক প্ৰায়েই বিয়াৰ কথা কৈছিল যদিও তেওঁ হত্যাৰহে ষড়যন্ত্ৰ কৰিছিল। অৱশেষত বিনীতে ভাতৃ-ভগ্নীৰ সৈতে মিলি হত্যা কৰিছিল প্ৰেয়সীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।