ৰাষ্ট্ৰীয়

পশ্চিম বংগত আফিং খেতি কৰিবলৈ কেন্দ্ৰৰ সন্মতি বিচাৰি আবেদন মমতা বেনাৰ্জীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : যি সময়ত দেশৰ নাগৰিকক সকলো ধৰণৰ নিচা জাতীয় দ্ৰৱ্যৰ পৰা আতৰত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা বেচৰকাৰী সংস্থা সমূহে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে সেই সময়তেই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰলৈ কৰা এক অদ্বূত আবেদনে সকলোকে আচৰিত কৰিছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰলৈ কৰা এক দৰ্খাস্ত অনুসৰি ৰাজ্যখনত আফিং খেতি কৰিবলৈ অনুমতি বিচাৰিছে । অৱশ্যে এই খেতি কোনো ধৰণৰ অনৈতিক অথবা বেআইনী কামৰ বাবে নহয় বৰং পশ্চিম বংগৰ সুস্বাদু খাদ্য সম্ভাৰৰ এক অংশ হিচাপেহে গণ্য কৰে ৰাজ্যখনৰ লোকসকলে । পশ্চিম বংগৰ লোকসকলৰ মতে ইয়াৰ নাম হৈছে "পোষ্টো" । যি তেঁওলোকৰ খাদ্য সম্ভাৰৰ এক গুৰুত্বপূৰ্ণ অংগ ।

মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, ৰাজ্যখনৰ খাদ্য তালিকাৰ এক অন্যতম অংগ হোৱাৰ পাছতো পশ্চিম বংগত এই খেতিৰ অনুমতি নথকাতো এক দুখৰ বিষয় । দেশৰ মাত্ৰ চাৰিখন ৰাজ্যতহে আছে এই খেতিৰ অনুমতি । যাৰ বাবে চৰা দামত অন্য ৰাজ্যৰ পৰা ক্ৰয় কৰিব লগীয়া হয় পোষ্টো । মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াকো কয় যে, সকলো পোষ্টোই আফিং নহয় ।

কিন্তু প্ৰশ্ন হয় যে, কোনো বেআইনী উদ্দেশ্য নাথাকিলেও যে পৰৱৰ্তী সময়ত যেন তেনে এক কাণ্ড সংঘটিত হ'ব পাৰে সেই কথা নুই কৰিব নোৱাৰি । কিন্তু সেই দায়িত্ব ল'ব নে মুখ্যমন্ত্ৰীগৰাকীয়ে । কাৰণ অনুমতি লাভ কৰাৰ পিছত দুষ্টচক্ৰটোৰ বাবেও সহজ হৈ উঠিব আফিং খেতি ।