- মুম্বাইৰ চিএছটি ৰে'লৱে ষ্টেচনত ফুটব্ৰীজ খহি ৬জনৰ মৃত্যু।
- আন ৩২জন লোক আহত হৈছে এই ঘটনাত।
- আহতসকলক ভৰ্তি কৰোৱা হৈছে ছেইণ্ট জৰ্জ হাস্পতালত।
- বৃহস্পতিবাৰে নিশা খহি পৰে ফুটব্ৰীজখনৰ এটা বৃহৎ অংশ।
- এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবিছ।
- আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
- ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- এই ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।
- ইফালে, নিহতৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ফাৰনবিছে।