ৰাষ্ট্ৰীয়

‘কা’লৈ মুকলি সমৰ্থন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সংশোধিত নাগৰিকত্ব আইনলৈ সমৰ্থন জনাইছে মহাৰাষ্ট্ৰৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই। নাগৰিকত্ব আইনক সমৰ্থন কৰিলেও এন আৰ চিক লৈ অসন্তুষ্ট মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰীগৰাকী। তেওঁ কয়, নাগৰিকত্ব আইন মই সমৰ্থন কৰো। এই আইনে কোনো লোকৰ নাগৰিকত্ব কাঢ়ি লৈ নাযায়। কিন্তু এটা কথা স্পষ্ট যে, মহাৰাষ্ট্ৰত প্ৰযোজ্য নহয় এন আৰ চি।' ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উদ্ধৱ থাকৰেই লগতে হিন্দুত্ববাদক কেতিয়াও ত্যাগ নকৰাৰ কথা প্ৰকাশ কৰে। তেওঁ কয়, শিৱসেনাই হিন্দুত্ব বিচাৰ ধাৰা ত্যাগ কৰা নাছিল, কৰা নাই আৰু ভৱিষ্যতলৈও নকৰে।