ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত আহিব পৰা কোৰোনাৰ তৃতীয় ঢৌ, জিলা প্ৰশাসনক সষ্টম হৈ থকাৰ নিৰ্দেশ উদ্ধৱ থাকৰেৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে কোভিডৰ সংক্ৰমনে বিভীষিকাৰ সৃষ্টি কৰিছে । কোৰোনাৰ এই বৰ্ধিত সংক্ৰমনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ অভাৱ হৈছে । ইফালে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এখন বৈঠকত সকলো জিলা প্ৰশাসনৰ সৈতে মিলিত হয় । জিলা প্ৰশাসনক কোৰোনাৰ তৃতীয় ঢৌও আহিব পাৰে বুলি প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছে যে এতিয়াৰ পৰা সকলো জিলাতে অক্সিজেন প্ৰকল্প স্থাপন কৰা উচিত। সকলো অত্যাৱশ্যকীয় ঔষধৰ ব্যৱস্থা কৰাৰ লগতে দৰিদ্ৰ লোক সকলৰ বাবে ঘোষণা কৰা অৰ্থনৈতিক পেকেজৰ লাভা লাভ তেওঁলোকে পাব লাগে আৰু তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগে বুলি নিৰ্দেশ দিয়ে জিলা প্ৰশাসন সমূহক।