ৰাষ্ট্ৰীয়

কৰ্ণাটকত আৰক্ষীৰ ‘ৰাইডাৰ্ছ ৰিপাব্লিক’ দলে বিনামূলীয়াকৈ যোগান ধৰিছে ঔষধ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতেই কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অহা ১৭মে'ল লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। এই লকডাউনৰ ফলত খাদ্য সামগ্ৰীৰ লগতে ঔষধৰ বাবেও সমস্যাৰ সন্মুখীন হৈছে বহু লোক। কৰ্ণাটকৰ সৰু সৰু চহৰ বা গাঁৱত বাস কৰা কৰ্কট আৰু মানসিক ৰোগী সকলে এই লকডাউনৰ সময়চোৱাত ঔষধ বিচাৰি হাঁহাকাৰ কৰিব লগা হৈছে।

এই সকল লোকক সহায়ৰ বাবে আৰক্ষী কন্ট্ৰল ৰূমৰ এটা বাইক ৰাইডাৰ্ছৰ দলে তেওঁলোকৰ ঘৰে ঘৰে গৈ উপলব্ধ কৰাব প্ৰয়োজনীয় ঔষধ। উল্লেখ্য যে, ৰাজ্যখনৰ বাংলাগুৰুতহে কেন্সাৰ আৰু মানসিক ৰোগৰ ঔষধ সমূহ উপলব্ধ। আৰু এই লকডাউনৰ সময়চোৱাত দূৰ-দূৰণিৰ গ্ৰামাঞ্চলত বাস কৰা সকলৰ বাবে নিজেই গৈ ঔষধ লোৱাতো অসম্ভৱ।

বাংগালুৰুৰ পৰা ৫০ৰ পৰা ৬০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত যিসকল লোকক ঔষধৰ প্ৰয়োজন তেওঁলোকে পুলিট কন্ট্ৰল ৰূমত ফোন কৰি আৰু নিজৰ প্ৰয়োজনীয় তথ্য সদৰী কৰি এই সহায় লাভ কৰিব পাৰিব। তদুপৰি 'ৰাইডাৰ্ছ ৰিপাব্লিক' নামৰ এই দলটোৱে ঔষধসমূহ বিনামূলীয়াকৈ যোগান ধৰিব।