ৰাষ্ট্ৰীয়

নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত সুৰা মাফিয়া বেজু মহতো…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিহাৰৰ হাজিপুৰত শুকুৰবাৰে নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত এটা সুৰা মাফিয়া। নিহত সুৰা মাফিয়াটোৰ নাম বেজু মহতো। লালগঞ্জ থানাৰ অন্তৰ্গত পকড়ীকণ্ড গাঁৱৰ বাসিন্দা আছিল এই সুৰা মাফিয়াটো। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি নিশা প্ৰায় ১ বজাত তীনপুলৱা চকৰ সমীপত আৰক্ষী আৰু সুৰা মাফিয়া মহতোৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ।

ইফালে, ঘটনা সন্দৰ্ভত এজন আৰক্ষী বিষয়াই জনাই যে, বহু অপৰাধৰ সৈতে জড়িত এই সুৰা মাফিয়াটোক বহু দিনৰে পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ বিচাৰি আছিল।কিন্তু নিশা সংঘৰ্ষৰ সময়ত মহতোৰ গুলীচালনাত মৃত্যু হ'ল যদিও, তেওঁৰ লগত থকা অপৰাধী কেইজন পলাবলৈ সক্ষম হয়। লগতে আন এজনক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সুৰা মাফিয়াটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।