ৰাষ্ট্ৰীয়

লাডাখৰ সীমা সমস্যা সমাধানৰ বাবে ভাৰত – চীনৰ মাজত পৰবৰ্তী পৰ্যায়ত হ’ব আলোচনা…

asomiyapratidin

ডিজিটেল ডেস্ক : লাডখৰ সীমা সমস্যা সমাধানৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰ স্তৰৰ সভাৰ ৮ম পৰ্যায়ৰ সভা চুছলত হৈছিল। ৬ নৱেম্বৰত অনুষ্ঠিত কমাণ্ডাৰ লেভেল আলোচনাৰ পিছত এক যুটীয়া বিবৃতি জাৰী কৰা হৈছিল। দুয়োপক্ষই বিবাদৰ বিষয়ত গঠনমূলক আলোচনা কৰে । কিন্তু, চুচুলত দহ ঘণ্টীয়া আলোচনাৰ কোনো নিশ্চিত ফলাফল পোৱা নাছিল বুলি যুটীয়া বিবৃতিটোত কোৱা হয় ।

ভাৰতে কয় যে চীনে প্ৰথমে মে'ৰ আগতে সণ্য সকলক পিচুৱাই লৈ যাব। চীনে সকলো স্থানৰ সলনি কেইটামান স্থানৰ পৰা নিজৰ জোৱান প্ৰত্যাহাৰ কৰিবলৈ চেষ্টা কৰি আছে যিটো ভাৰতৰ বাবে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে ।

বিবৃতি অনুসৰি, দুয়োপক্ষ ই দুয়োখন দেশৰ নেতাসকলে প্ৰাপ্ত কৰা গুৰুত্বপূৰ্ণ সহমত কঢ়িয়াই নিবলৈ সন্মত হৈছে। দুয়োজনে তেওঁলোকৰ সৈন্যসকলক সংযম ৰক্ষা কৰিবলৈ সিদ্ধান্ত লৈছে যাতে কোনো ভুল বুজাবুজি পৰিহাৰ কৰিব পাৰে । দুয়োৰে সীমাত একেলগে শান্তি বজাই ৰাখিব তাৰ বাবে সিদ্ধান্ত লোৱা হোৱা হয়। দুয়োপক্ষই শীঘ্ৰে আন এক পৰ্যায়ৰ আলোচনা কৰাৰ বাবেও সন্মত হয়।