ৰাষ্ট্ৰীয়

কংগনা ৰাণাৱতৰ বিশেষ দিন..

Asomiya Pratidin

ডিজিটেল ডেস্ক: বলীউডৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী হ’ল কংগনা ৰাণাৱত। ১৯৮৭ চনত জন্ম গ্ৰহন কৰা অভিনেত্ৰী গৰাকীয়ে আজি ৩৫ বছৰ বয়সত ভৰি দিলে।

২০০৬ চনত “গেঙ্গষ্টাৰ” আৰু “ওৱহ লমহে”ৰ জড়িয়তে আত্ম প্ৰকাশ কৰা অভিনেত্ৰী গৰাকীয়ে খুব কম সময়ৰ ভিতৰতে দৰ্শকৰ মন মোহিবলৈ সক্ষম হয়। আত্ম প্ৰকাশ কৰাৰ পিছৰে পৰা প্ৰায় প্ৰতি বছৰেই দৰ্শকক দুইৰ পৰা তিনিখন ছবি উপহাৰ দি আহিছে অভিনেত্ৰী গৰাকীয়ে। তদুপৰি টেলিভিচনৰ পৰ্দাতো বিশেষ অনুষ্ঠানৰ ঘোষিকা হিচাপে পৰিচয় বহন কৰি আহিছে কংগনা ৰাণাৱতে।

অভিনয়ৰ জড়িয়তে বলীউডত খোপনিপোতা অভিনেত্ৰী গৰাকীয়ে সফলতা অৰ্জনৰ চিন স্বৰূপে আজুৰি আনিবলৈ সক্ষম হৈছে কেইবাটোও বঁটা। ইয়াৰে ৪ টা ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা, ৫ টা ফ্লিমফেয়াৰ বঁটা আৰু ৩ টা আন্তৰাষ্ট্ৰীয় ভাৱে ভাৰতীয় চলচিত্ৰ একাডেমি বঁটা। ইয়াৰোপৰিও অভিনেত্ৰী গৰাকীয়ে বহু কেইটা সন্মান লাভ কৰি নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিছে।

আজি অভিনেত্ৰী গৰাকীৰ ওপজা দিন। অভিনয়ৰ জড়িয়তে দৰ্শকক আমোদ দিয়া অভিনেত্ৰী গৰাকীয়ে আজি সম্পন্ন কৰিলে জীৱনৰ ৩৫ টা বছৰ। জন্মদিন উপলক্ষে অভিনেত্ৰী গৰাকীক অনুৰাগীয়ে শুভেচ্ছা জনাই ভৰাই তুলিছে সামাজিক মাধ্যম।

উল্লেখ্য যে, অভিনেত্ৰী গৰাকী শেহতীয়াকৈ জড়িত হৈ পৰিছে নাৰী সৱলীকৰণ আৰু সমস্যা সমাধানৰ ক্ষেত্ৰতখনত। যাৰ বাবে বিগত বছৰ কেইটাত কেইবাটাও বিতৰ্কত সাঙোৰ খাই পৰে অভিনেত্ৰী গৰাকী। অৱশ্যে বিতৰ্কৰ বাবে অভিনেত্ৰী গৰাকীৰ সবল আৰু স্পষ্টবাদীতাৰ কথাহে প্ৰকাশ পায়।